XtGem Forum catalog
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

• এইখন চহৰৰ মই এজন দুর্ভিক্ষ সদাগৰ •

মোৰ কামিজৰ তলেৰে
টোপাটোপে তেজ নিগৰে

এইখন চহৰৰ মই এজন
দুর্ভিক্ষ সদাগৰ

হালধীয়া হৈ উঠে
মোৰ দুখৰ জোনাক

এইখন চহৰৰ মই এজন
দুর্ভিক্ষ সদাগৰ

তেজৰ টোপালবোৰ
লুনীয়া
বুকুৰ বিষাদবিলাক সেউজীয়া

এইখন চহৰৰ মই এজন
দুর্ভিক্ষ সদাগৰ

এইখন চহৰ আছিল
মোৰ মাতাল নিশাৰ
গান
এতিয়া গানবোৰো
ধানৰ পতান

এইখন চহৰত
সন্ধিয়া সন্ধিয়া
'দুষ্টু মেয়েৰ মিষ্টি হাঁসি'

এইখন চহৰৰ মই এজন
দুর্ভিক্ষ সদাগৰ

এইখন চহৰৰ পথ
সাপৰ দৰে একাঁ-বেঁকা
কামিজৰ ভিতৰলৈ
সুমাই
দংশন কৰে কলিজা

সঁচাকৈয়ে
এইখন চহৰৰ মই এজন
দুর্ভিক্ষ সদাগৰ !

ණ কন্দর্পজিৎ কল্লোল